বুধবার, ২ ফেব্রুয়ারি, ২০১১

কী বোকা আমি, তাই না!

তোমার উচ্ছল হাসির নীচে লুকিয়ে থাকে
পাথর-চাপা কষ্টেরা,
অথচ কী আশ্‌চর্য, দ্যাখো-
ফুটন্ত ফুলটি দেখে ঝরে যাওয়ার বেদনা ভুলেই ছিলাম।
কী বোকা আমি, তাই না!

রোদ রোদ্দুর হাওয়াই মিঠে তোমার কন্ঠে ভীরু পাখির
গানের, নাকি দুরুদুরু বুকের কাঁপন,
ভিজে ওঠা চোখের পাতায় প্রবল শীতের সন্ধ্যা নামে
আমি ভাবি, ওটাই সুখ, সুখের ছবি!
ওকি! কাছে টেনে নিচ্ছো?
অবাক করলে!

ঝর্ণার নাচ তোমার হাতের আঙ্গুলে,
আমার বুকেও কাঁপন তোলে
মাতি জয়োল্লাসে
আর ঝর্ণা আমার চোখটি বুঁজে ভেবে চলে
তার রঙ্গীণ রামধণু আর ফেণাভ হাসির উৎসটি সেই আগের মতই আছে।
তোমাকে বাস্তবতা শেখাই
আর চম্পাদলে রক্তরেখা এঁকেই চলি।

তোমার চোখে জল দেখেছিলাম,
ভেবেছিলাম জলের
অন্য একটি
মানে আছে।
সেই জলকে জানতে চেয়ে
ক্ষণিক পূজোর পালার শেষে-
তোমার ঘ্রাণটি বুকে ভরে
গিয়েছিলাম অচিনপুর।
ফিরে দেখি
জলও নেই।
ছায়াও নেই।

..... কালকূট এর কবিতা..............

সর্বহারা.....................

ব্যথার সাঁতার-পানি-ঘেরা
চোরাবালির চর,
ওরে পাগল!কে বেঁধেছিস
সেই চরে তোর ঘর?
শূন্যে তরিৎ দেয় ইশারা,
...হাট তুলে দে সর্বহারা,
মেঘ-জননীর অশ্রুধারা
ঝরছে মাথার'পর,
দাঁড়িয়ে দূরে ডাকছে মাটি
দুলিয়ে তরু-কর।।


*** কাজী নজরুল ইসলাম ***

মঙ্গলবার, ১ ফেব্রুয়ারি, ২০১১

ভাষা....

কবির ভাষা কবিতা  আর
পাখির ভাষা সুর ।
আমার ভাষা থাক অজানা ,
অনেক অনেক দূর.................!

কাপঁতে থাকে পাওয়ার ছোট ইচ্ছেগুলি !......................

যতই ঘনিয়ে আসে তিমিরের রাত
গুরু গুরু মেঘের ডাকে-
কাঁপতে থাকে কাঠাঁলচাপার ফুলগুলি ।
আমি ততই কাছাকাছি আসি ;
মননের গানে-
...সুর ভুলা সুরতহালে কাটতে থাকে
বিলাসী প্রহর ।

বর্ণহীন বেদনায় করজোড়ে
কাপঁতে থাকে পাওয়ার ছোট ইচ্ছেগুলি !
তুমি বুঝনা, আর বুঝবেও না ;
কি এমন কলরবে তুমুল কাঁপে
বিদীর্ণ মন,

মনের প্রতিটা বেলকোনীতে............

আঁধারের সুন্দর একটা রুপ আছে
আছে গভিরতা,
আছে অর্থ,
আমার কাছে এই সুন্দর
রুপ,গভিরতা, অর্থ
...এর সবটাই বন্ধু তুমি।

আমি তোমাকে ভাবি জোছনা রাতে
আমি তোমাকে খুজি ঝোনাকির আলোয়,
ফুরের কাছে যার গন্ধ খুজে বেড়াই
সেওতো বন্ধু তুমি।

আকাশের নীল রংয়ে
মনের তুলি দিয়ে,
আমিতো তোমার ছবিই একেছি।
মনের প্রতিটা বেলকোনীতে
যার আসা যাওয়া
সেওতো বন্ধু তুমি।

কবি কে...........................????????



তিনিই কবি যিনি কবিতা লেখেন
...আবার তিনিও কবি যিনি পদ্যটদ্য লেখেন না।

তিনিই আসলে কবি যিনি পায়ের বেড়ি খুলে ছুঁড়ে ফেলে দেন
আবার তিনিও কবি যিনি এই শৃঙ্খলে আবদ্ধ হতে ভালোবাসেন

কবিকে আসলে বিশ্বাসী হতে হয়
তিনিও কবি যার কোনো কিছুতে বিশ্বাস নেই

কবি আসলে এমন মানুষ যাকে মিথ্যে কথা বলতে হয়
আবার তিনিও কবি যাকে বলা হয়েছে অনেক মিথ্যে কথা

তিনিই হলেন কবি যিনি টাল খেয়ে ভেঙে পড়েন
আবার তিনিও কবি যিনি উদ্ধত ভঙ্গিতে উঠে দাঁড়ান

কবি তিনিই যাকে সবকিছু ছেড়েছুড়ে ফেলে দিতে হয়
আবার তিনিও কবি যিনি কোনো কিছুই ছেড়ে চলে যান না।

>>>>>>  তাদেউজ রজেভিচ

 

 

 

 

বিশ্বযুদ্ধোত্তর কালের
সবচেয়ে প্রভাবশালী পোলিশ কবি তাদেউজ রজেভিচ (জন্ম ১৯২১)। প্রতীক, উপমা,
শব্দব্যবহারের অভূতপূর্ব কলাপ্রকৌশলে পোলান্ডের কবিতার তথাকথিত
...লিরিকময়তাকে একেবারে বদলে দিয়েছেন তিনি। খুবই শক্তিশালী, অন্তর্ভেদী তার
দৃষ্টি আর উপস্থাপনা। তিনি বলেছেন, “কবিতার তথাকথিত ছন্দোস্পন্দের বিষয়টি
দ্বিতীয় বিশ্বযুদ্ধের সময় নাৎসিদের বন্দিশিবির সৃষ্টির মধ্য দিয়েই শেষ
হয়ে গেছে।” যুদ্ধের বীভৎসতা, নির্যাতন আর যুদ্ধপরবর্তী সময়ের সংকট ও
অপ্রাপ্তিকে তিনি তার কবিতার বিষয় করে তুলেছেন। রজেভিচকে মনে করা হয়
যুদ্ধোত্তর পোলিশ কবিতার অন্যতম প্রধান কবি। তবে শুধু কবি নন, তিনি পোলিশ
ভাষার একজন গুরুত্বপূর্ণ নাট্যকার, সমালোচক ও ছোটগল্পের রচয়িতা।

 

স্ববিরোধী...........................।।



আমি জন্মেছিলাম এক বিষন্ন বর্ষায়,
কিন্তু আমার প্রিয় ঋতু বসন্ত।
...আমি জন্মেছিলাম এক বৃষ্টিভরা আষাঢ় সকালে,
কিন্তু আমি ভালবাসি চৈত্রের সন্ধ্যা।
আমি জন্মেছিলাম দিনের শুরুতে,
কিন্তু আমি ভালবাসি নির্জন মধ্যরাত।
আমি জন্মেছিলাম ছায়াসুনিবিড় এক গন্ডগ্রামে,
কিন্তু আমি ভালবাসি বৃক্ষহীন রৌদ্রদগ্ধ ঢাকা।
জন্মের সময় আমি খুব কেঁদেছিলাম,
এখন আমার খুব হাসি পায়।
আমি জন্মের প্রয়োজনে ছোট হয়েছিলাম,
এখন মৃত্যুর প্রয়োজনে বড় হচ্ছি।


>>>> নির্মলেন্দু গুণ

পষেকৰ বিজয়ী কবি'র কবিতা

প্ৰথম পষেকৰ বিজয়ী মনোজ মন কলিতাৰ কবিতা

মৰমৰ
( পষেকীয়া অসমীয়া কবিতা প্ৰতিযোগিতাৰ প্ৰথম পষেক, ১৬-৩১ ডিচেম্বৰ ২০১০ ৰ বিজয়ী মনোজ মন কলিতাৰ কবিতা )

যোৱা নিশা যেতিয়া ৰেলত উঠি গুচি আহিলো
খিড়ীকিৰে বহুবাৰ চাই পঠিয়ালো,
কিজানিবা কোনোবাই মোলৈ চাই আছে !
নাই |
বন্ধ খিড়ীকিবোৰৰ সিপাৰে মাথো ৰৈ আছে
সীমাহীন অন্ধকাৰৰ পৰ্দা |
তুমি আহিবা বুলি এবুকু মৰম লৈ আছিলো
কিন্তু নাহিলা |
পুৱা যেতিয়া হৃদয়খন জুকিয়াই চালো
দেখিলো মৰমবোৰ সেমেকি গৈছে ;
ওৰেটো নিশা যে উচুপি থাকিলো, সেই বাবেই |
সেই সেমেকা মৰমবোৰ মাথো তোমাৰ বাবেই আছিল,
এতিয়া সেইবোৰ কলহত ভৰাই থলো ,
লাওপানী হ’লে খাব পাৰিম ;
অন্ততঃ মাতাল হোৱাৰ জোখাৰে |
হয়তো তেতিয়াহে সামৰিব পাৰিম মোৰ চকুপানীবোৰ !
এতিয়া মই তোমাৰ পৰা বহু নিলগত,
তথাপি গভীৰ নিশা উচপ খাই উঠো,
তোমাৰ হৃদয়ৰ স্পন্দনবোৰ শুনি, ইমান ওচৰত !
মোৰ মৰমবোৰ দুপৰীয়াৰ ৰ’দজাকে শুকুৱাই পেলালে
বতাহৰ বোকোচাত তোমালৈ পঠিয়াই দিছো,
সময় পালে বুটলি ল’বা ,
পেলাই নিদিবা |
অন্ততঃ উকা কাগজত নীলা চিঞাঁহীৰে
এটা আকাৰ দিবা মৰমবোৰক,
চিঞাঁহী যদি নোপোৱা মোক জনাবা;
ভগ্ন হৃদয়ত তেজৰ চেকুঁৰা এতিয়াও বিৰিঙি আছে |


দ্বিতীয় পষেকৰ বিজয়ী ৰিদিপ কুমাৰ নাথৰ কবিতা

অপেক্ষা
( পষেকীয়া অসমীয়া কবিতা প্ৰতিযোগিতাৰ দ্বিতীয় পষেক, ১-১৫ জানুৱাৰী ২০১০ ৰ বিজয়ী ৰিদিপ কুমাৰ নাথৰ কবিতা )

সময়ৰ ভূৰত বঠা বাই ঢাপলি মেলিলো
গৰ্ভজাত এটা বছৰৰ পিনে;
আইৰ প্ৰসৱলৈ এতিয়াও কিছু ক্ষণ বাকী |
প্ৰসৱ বেদনাত কাতৰ হৈ আইয়ে
উভতি চাইছে অতীতলৈ.....
৩৬৫ দিন গৰ্ভত লৈ জন্ম দিয়া
সন্তানবোৰৰৰ পৰা কিনো পাই আহিছে তেওঁ!!
এমুঠি বিস্ফোৰণ, এজাক নাৰী ধৰ্ষণ
নে ৰাজনীতিৰ পৰা ভাঁহি অহা ভেঁকুৰৰ অশ্লীল গোন্ধ?
গেলা বানপানীয়ে আইৰ ওকণি চোবায় |
এফাল ৰুটি নাইবা ফটা এখনি কানি
বিচাৰি হাবাথুৰি খোৱা একোটা ওকণি সিহঁত |
আইৰ মৰমৰ ওকণি |
কিন্তু হায় !!! লিটাৰে লিটাৰে তেজ খোৱা
ফিটাপেলুবোৰ ৰোধিবলে হ’লে কোনো নাই!
কাঁটা তাঁৰ বগাই তেজ খোৱা অগণন ফিটাপেলু |
সিহঁতৰ ভৰত আই কুজী বুঢ়ী |
নিস্পেষিতৰ চকুপানীৰে পাৰিবনে ধুৱাব
আইৰ আঁচলত গোট মৰা তেজৰ চেঁকুৰাবোৰ
গৰ্ভজাত এই সন্তানটোৱে!!
বৰ আকুলতাৰে বাট চাই আছে আইয়ে | Ridip Kumar Nath





তৃতীয় পষেকৰ বিজয়ী উচ্চজিত্‍ কলিতা আৰু দিগন্ত বুঢ়াগোহাঁইৰ কবিতা

তেজ লগা ভোগালি
উচ্চজিত্‍ কলিতা

পুৰণি কবিতাৰ শাৰী এটি গুণগুণাই
মেজিৰ উমত বহি আছিল আজন্ম কবি
মৃত্যুশীতল পুহৰ
পোৰা মঙহৰ সোৱাদ লৈ
ভোগালি আহিছে
লাৰু-পিঠা,মাহ-কাৰৈৰ পেটেণ্ট কৰিবলৈ
এইবাৰ বাৰু আহিব নেকি
কোনোবা বিদেশী বণিক ?

ম’হ যুঁজ, কণী যুঁজ দেখোন কেতিয়াবাই অস্পৃশ্য
এইবাৰৰ ভোগালিত
পৰমাণুৰ যুঁজ এখন পতাই ভাল
হাজাৰ হওঁক তেতিয়া
সকলোৱে শুই থাকিব শেষৰ উশাহ লৈ,
কোনোৱে দুখৰ নৈত উটিবলৈ
জীয়াই নাথাকিব
গুপ্তহত্যা-গণহত্যাৰ পিছত
বুকু শুদা হোৱা মাতৃৰ দৰে
সেওঁতা উকা হোৱা বোৱাৰীবোৰৰ দৰে
আৰু বাটে-ঘাটে অনাথ হোৱা শিশুবোৰৰ দৰে |

মেজিৰ জুইত জীৱনৰ উম বিচাৰি আহত কবি
হিংসাৰ চুবুৰিত আজি বিদ্রোহী কবি !
ভোগালিক ভোগ কৰিবলৈ কচাইবোৰৰ সংখ্যা বাঢ়িছে
বঢ়া নাই মানুহৰ সংখ্যা,
কবিৰ কলমত সেয়েই হয়তো ইমান নিৰাশা
সময়ৰ তেজ লগা ভোগালিত |
(গোষ্ঠীগোত সংঘৰ্ষত নিহত সকলৰ স্মৃতিত)
 
ব'হাগ
দিগন্ত বুঢ়াগোহাঁই


(1)
এজাক উদ্বাউল ৰ'দৰ
কলকলনি--
মোৰ ব'হাগ।

দুৰ্বাদল বাৰিষাৰ
কৰ্কশ স্পৰ্শ
ভূপতিত সেউজীয়া ভ্রূণ
মোৰ ব'হাগ।

কাঁইটিয়া কৈশোৰৰ
নিবিড় অৰণ্যাভিযান
এখিলা পাত,এটা মন্ত্র
ত্রস্তমান স্বপ্নৰ এআকাশ বিশ্বাস
মোৰ ব'হাগ।

(2)
সভ্যতাৰ ধূমায়মান আকাশ
পৰ্ণপাতী আৱেগৰ
তামবৰণীয়া কলাজ
নতুন ব'হাগ
মোৰ ব'হাগ।

অসমীয়া কবিতা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ কবিতা সমূহ.....................

বিষয় মূলত: স্বাধীনতা আৰু আমি

স্বাধীনতা-
মানে কি কাষ্ট্ৰো, বলছেভিক, ইটালীৰ একীকৰণ !
অকণমান উশাহৰ বৈধতা অথবা বহুজাতিক কোম্পানীৰ ভেজাল পানীয়ৰ দৰে
জনতাৰ বিশ্বাসৰ পৰীক্ষাত অৱতীৰ্ণ এটা শব্দৰ অসহায়তা ?
আমি নাজানো, আমি নাজানো,
স্বাধীনতা ছাদ্দামৰ প্ৰিয় শ্লোগান নে পৰেশ বৰুৱাৰ !
বিচ্ছিন্নতাৰ সোঁতত কিমান দূৰ ভটিওৱাৰ অন্তত কাংক্ষিত পাৰ
আৰু স্বাধীনতা কোন ইউট’পিয়াৰ নাম ?
আমি জানো জীৱনৰ সৰলীকৃত সমীকৰণ-
এখন চালি আৰু এখন ৰুটি
আমি জানো এতিয়া সময় দুঃসময়ৰ,
পাঞ্চালীৰ চুলিত দুঃশাসনৰ তেজৰ চেকা
সেই বাবেই লুটিওৱা নাই বহুদিন প্ৰিয় বিষয়ৰ পৃষ্ঠা
মাটি/মানুহ আৰু সেউজীয়া
পঢ়া নাই এবাৰো বাতৰি কাকত |
কিয়নো ৰেড এলাৰ্ট ঘোষিত আমাৰ প্ৰতিতো সপোনৰ ওপৰত
জীৱনৰ স’তে থকা সকলো চুক্তি
প্ৰত্যাহাৰ কৰাৰ আগেয়ে এবাৰ
নিজৰ পৰাই নিৰ্বাসিত কৰি সুধিব পাৰে নিজক
"ভিতৰৰ পৰাই আচলতে কিমান স্বাধীন আমি?" Bipasha Bora
 
সমীৰণ বৰুৱা আহি পালে

ফেহুঁজালি-
আকাশত প্ৰচ্ছদ অৰ্ধসূৰ্যৰ।
"সমীৰণ বৰুৱা আহি আছে।"

অৰণ্যবাসী স্বপ্নৰ আঙুলিত ধৰি
আমি আগুৱাম
বৃষ্টিৰ বন্যাৰে বিধৌত
এলিচৰ যাদুসনা দেশলৈ।

মৃত্যু আৰু কান্দোনৰ
ভয়াল শব্দত
নৃত্যৰতা পৃথিৱী।
শিলীভূত আকাংক্ষা আৰু
স্তিমিত উত্তেজনাৰ
শীতলতা ভাঙি
অৰ্ধসূৰ্যৰ তেজাল উত্তৰ-
"সমীৰণ বৰুৱা আহি আছে।"

মোৰ আইৰ ৰঙচুৱা চকুলো
চকুতে শুকায়।
প্রত্যয় প্রতিশ্রুতিৰ
কেঁকুৰীত
এদিন লগ হ'ম
আৱেগৰ উমসনা
বুকুৰ সেউজীয়া তেজেৰে
আত্মাৰ লাইখুঁটা গঢ়িম।

"সমীৰণ বৰুৱা আহি পালে"
উদ্বাস্তু বিপ্লৱৰ
অপসৃয়মান আদৰ্শৰ
অস্তগামী অৰ্ধসূৰ্যই ক'লে,
"সমীৰণ বৰুৱা আহি পালে।" Diganta Buragohain

প্ৰথম পষেকৰ কবিতাসমূহ

সাৰাংশ

উচ্চজিৎ কলিতা

সময়ক এদিন কাণে কাণে ক
আমাৰ মৃত্যুৱে ঈথাৰত চিন নাৰাখিব
আমাৰ প্রেমত টোপনিৰ হিম নগলিব
তথাপি আমাৰ খেদ নাথাকিব
আমিও আছিলোঁ প্রেমিক পৃথিৱী-প্রিয়াৰ |স্থবিৰ সূৰ্য যাৰ গতিৰ আশা নাই
তাৰ কোনো দাবী নাই
তাৰ বাবে স্থিতিৰ সন্ধানো নাই |জিকমিক কৰি জ্বলে কৰবাত
এটি-দুটি প্রাণৰ জোনাকী,তাতেই সিহঁতৰ সান্ত্বনা
জীৱনত যুঁজাৰ যাতনা নাই |আমি যে নহলোঁ আত্মীয় সেই মূঢ়তাৰ
কপালত লাগি অহা ঘামৰ টোপাল |মৃত্যু সহজ আমাৰ জীৱনৰ দৰে,তথাপি জানো সহজ আমাৰ জীৱন ?সেই জটিলতাৰে অংশ আমি
তাৰ কোনো সাৰাংশ নাই |উত্তৰৰ দুৱাৰত অচিনাকি প্রাণ
আমি আলিদোমোজাৰ কবি,আমি জুৰাছিক
আমি যুযুৎসু
আমি আজন্ম নচিকেতা |আমাৰ কবিতা
আত্মৰত নাৰ্চিচাছৰ
গ্লানিৰে কৰুণ নহয় |ইযে আমাৰ জীৱনৰ কাব্য
দুটি পাৰ এক কৰা
সুৰবালা নদী বয়
পৃথিৱীৰ প্রথম প্রেমৰ |আমাৰ প্রেমৰ বন্দৰ
জোৱাৰৰ গতিৰে মহান |দূৰ এটি বীথোভেন
অতিক্ৰমী জ্ঞানৰ প্রতীচ্য পাৰ
পান কৰি হেমলক
আমাৰ যন্ত্রণাক কৰেহি মধুৰ
আমাৰ সভ্যতাক দিয়েহি খবৰ
ক্ষুদ্র কোনো তৰংগ-প্রান্তৰ |আমাৰ যাত্ৰাৰ সাৰাংশ নাই
সাৰাংশ নাই জোৱাৰৰ |থাকিব নোৱাৰে কঠিন কাব্যৰ;থাকে মাথোঁ স্থবিৰ প্রজ্ঞা
আৰু মৃত মানুহৰ Ucchajit Kalita


মহাকালঃসন্ধিঃমহাকাল

শ্ৰীদিগন্ত বুঢ়াগোহাঁই

শতিকাৰ কৰ্কশ শিলাৰ গৰ্ভত
স্বপ্নাভিষেক আমাৰ


নিৰ্ঝৰিণী বাসনাৰ ব্যাকুল গান-
সত্যৰ সাধনাৰে
মৃত্যুপিয়াসী চেতনাৰ
উন্মীলিত দুচকুত
কলাজ সন্ধিকালৰ


ফুটছাই বৰণীয়া আকাশৰ
উকা সীমনাত
কালিঘুঁকিৰ কালিন্দী এন্ধাৰ-
স্মৃতিৰ অপভ্রংশ আৰু
ভমকাফুলীয়া জীৱনৰ স্তব্ধ জোনাক


সন্ধিয়াৰ ৰমন্যাসিক টুমনিত
তোমাৰ ক্রানতিকালৰ দেহা তিয়াই
বৈ যাওক ৰঙচুৱ এখন নৈ-
আমাৰ মৃত্যুৰ স্বপ্নিল প্রেৰণাৰে
   Diganta Buragohain

শব্দ এবুকু, তাত তুমি

প্ৰিয়দৰ্শণ ভট্টাচাৰ্য্য

এয়া আবেগৰ কবিতা
বিবেক বহু দূৰণীত
তোমাক এৰি অহা পথৰ শুকান কৃষ্ণচূড়াৰ উচুপনি
কিয়েইবা লিখিম অশ্ৰু গণি গণি
তুমিতো নাজানা কিয় হাহাকাৰ কৰি ফুৰো
হেৰাই যোৱা হিয়াখন বিচাৰি

সেই যে বসন্ত বসন্ত লগা দিনবোৰ, আবেলিবোৰ জোনাকী শাৰদী
কিয় এপাহ হাঁহিৰ বাবে ব্যাকুল হৈছিলো ম‍ই
অথবা মোৰ বাবে তুমি..!

পাৰিছিলানে নৈ হৈ বৈ যাবলৈ
বতাহ হৈ জুৰ পেলাবলৈ
মিঠা গুণ-গুণনিবোৰ বাধা দিব পাৰিছিলানে
নাভাবো বুলিও এবাৰ ভাবিছিলানে
ম‍ই ভবাৰ দৰে?ম‍ই তোমাৰ পদূলিমূখ এৰাৰ দিনা
তিতিছিলনে দুগাল তোমাৰ
ওঁঠত লুণিয়া স্বাদ; হৃদয় শুন্য কৰি বৈ অহা শব্দবোৰ বুকুত হেঁচা মাৰি তুমি দূৰ হৈ ৰলা
তুমি নকলেওতো ম‍ই ঠিকেই বুজিছিলো
কি কব খুজিছিলা
সদায় কোৱাৰ দৰেইতো কলাহেঁতেন
"ফাগুণৰ গীতটো আকৌ এবাৰ গোৱা"

(যিজনৰ ভগ্ন হিয়াৰ অযুত চকুপানী মোৰ হৃদয়ৰ কলহত গোটাই থৈছোঁ, তেওঁৰ নামতেই, মৰমৰ বন্ধু, ভাইটি, জনপ্ৰিয় যুৱ কবি হৃষীৰাজ শৰ্মাৰ নামত কবিতাটো উত্‍সৰ্গা কৰিলো)  Priyadarshan Bhattacharya


ফুটপাথৰ বিহু

ৰাজশ্ৰী বৰগোহাঁই

বুকুৰ হেঁপাহবোৰ অতীষ্ঠ হয়
পেটৰ পৰা ভাঁহি অহা ঢোলৰ শব্দবোৰত..
ধিন দাও খিট দাও
দীঘেনতি দীঘেনাও
বিহু আহিলে হাঁহিৰ ঝংকাৰ উঠে !
নতুন কেঁথাৰ খমখমীয়া গোন্ধত
পাঁচবছৰৰ মূৰৰ বিহুটিত
গৰুবোৰৰ হেতা ওপৰা লাগে.........
ফুটছাইৰ ফোঁট বিচাৰি

ঢোলৰ মাতবোৰ সলনি হয় !
"জিন্দাবাদ....জিন্দাবাদ.... "

বিহুটি অহাবাটেই গুচি যায় !
আকৌ ফটাচোলাত ওলমি ৰয় হাজাৰটা হুমুনিয়াহ ...
ভোকৰ সৈতে ফুটবল মেটচ...
ডাস্টবিনত সোমায় লাস্ট মিনিটৰ "গ'   Rajashree Borgohain




মই উভতি আহিম

অভিজিৎ পাটোৱাৰী

মই উভতি আহিম প্রেৰনাৰ উৎস হৈ......
নিষ্পেষিতৰ শক্তি হৈ.....
শোষণকাৰীৰ শংকাৰ পাত্রহৈ.....
এতিয়া বিদায় এক নজনা দিগন্তলৈ......
এই বিদায় মৰ্মাহত কিন্তু খুবেই প্রয়োজনীয়...
........এক নতুন সংকল্পক জন্ম দিবলৈ !!!
মই কাপুৰুষ নহয়.....
মই জন্ম দিবলৈ উৎসুক.....
এক অনাবিল আনন্দৰে মুখৰিত ভৱিস্যতক..!!

সকলো ঘাত-প্রতিঘাতৰ সম্মুখীন হবলৈ মই সাজু হম...
মই বিলীন হম সৰ্বসাধাৰনৰ মাজত...
.......কিন্তু সাধাৰন নহয় মোৰ আকাংক্ষা
........
নহয় সাধাৰন মোৰ পৰিকল্পনা
মই জানো....
মই সংগীহীন নহয়....
কিয়নো নিঃসংগতাই যাৰ জীৱনৰ ছাঁ....
তাৰ সংগীৰ অভাৱ নহয় কোনোকালেই....

অপেক্ষা মাথো এক উচিত সময়ৰ....
.....পৰিকল্পনাক শক্তিশালী কৰিবলৈ এতিয়া বিদায় এক নজনা দিগন্তলৈ....
.......নিজক গঢ় দিবলৈ !! Abhijit Patowary




এয়াওতো জীৱন

ৰিদিপ কুমাৰ নাথ

হয়তো নহব পাৰো ঘড়ীৰ কাঁটাৰ নিৰ্দেশত চলা
একো একোজন ভদ্ৰলোক |
লোৱেই জানিবা দিন ৰাতিৰ চিন-চাব নোহোৱা
উভয়্চৰ পৰজীৱী ;
নাইবা মদৰ পিয়লাত সপোন দেখা
একো একোজন ব্যৰ্থ উজাগৰী প্ৰেমিক |
লেওতো মানুহে আমাক মানুহ বুলিয়েই কয় !

এটা জঁকা, অলপ মাংস আৰু সেই জোখেৰে
কেইলিটাৰমান তেজ !
তাতোকৈ ডাঙৰ এ্খন হৃদয়্ৱান হৃদয় |
মানুহ হোৱাৰ বাবে এয়া জানো
নূন্যতম অৰ্হতা নহয় ?
নে ডেডৰ টকাৰে মালদাৰহৈ
জন আব্ৰাহামৰ হেয়াৰ স্টাইলবনাই
বাইকৰ পিছত দাৰ্‌লিঙক বহাই
একলেন্ড, কামাকাজি ঘূৰিব পৰাবোৰহে মানুহ ?

সম্ভ্ৰান্ত ঘৰৰ স্মাৰ্টছোৱালীয়ে
হয়তো তেনেকৈয়ে ভাবে !
আৰু নহয় তাৰ ব্যতিক্ৰম তুমিও |
পা্শ্চাত্য সভ্যতাৰে চহকী
তুমিওতো এজনি স্মাৰ্টছোৱালী !
নাজানিলাই জানিবা অসমীয়াত এখন চিঠি লিখিব
নাইবা এপাক বিহু নাচিব ;
লেও হাই-হেল্লব জনা
তুমিতো এজনী স্মাৰ্ট আছামিজ গাৰ্ল’ |

তোমাৰ দৰে স্মাৰ্ট গাৰ্লক পাৰ্ক, ৰেস্টুৰেন্টত
ঘূৰাব নোৱাৰিলেও কিন্তু আমি
দুখীৰ দুখত দুখী হব জানো |
সমভাগী হব জানো আনৰ বেদনাৰ |
সেয়েহে আমিও মানুহ আৰু
আ্ড্ডা, চিগেৰেট, তাচপাত নাইবা
স্টেচনৰ জেঙৰ মাজত হেৰাই যোৱা
এয়াও এটা জীৱন |   Ridip Kumar Nath


সেউজী ধৰণী ধুনীয়া

বিশ্বজিত নাথ (জিত্)

চোৱাচোন...
দূৰণিত সেইচপৰা কলীয়া ডাৱৰ...
অট্টহাস্যৰ ব্যংগৰূপ আজি আৰু নাই..
মানব প্ৰজাতিৰ নিষ্ঠুৰতাই আজি
নিষ্ঠুৰ ভাবেই দংশিলে সিহঁতৰ
সদা ক্ৰুদ্ধ বিবেকক...
মহাবৃষ্টিৰ বন্যা পেলাই
সিহঁত আজি ক্ৰন্দনৰত...
কুঁহিপাঠত প্ৰকাশিত
টকলা পাহাৰ বকৰা মাটি
আজি সত্যতাৰ দিশে ধাৱমান
।।

হায় জননী... এয়াই তোমাৰ সৃষ্টিনে...??
এটা সৃষ্টিৰ পন্য সমাজত
আন এটাৰ সত্তা হৰণ...
আদিম বন্যতাৰ প্ৰকোপ,
পশুত্বৰ পৰা সদ্যমুক্তিপ্ৰাপ্ত
মানৱ প্ৰজাতিৰ মাজত আজিও বিদ্যমান...
এয়াই আছিল নে জননী... তোমাৰ সপোন...??

হায় প্ৰকৃতি... এয়াই তোমাৰ দাননে...??
যাৰ শৰণত তোমাৰ সকলো,
সেই বুদ্ধিমত্তা প্ৰজাতিৰ মাতালতাত
তোমাৰ বুকুতেই আজি খাণ্ডৱ দাহন....
তোমাৰ মমতাৰ ভঁৰালত
বনদস্যুৰ নিষ্ঠুৰ প্ৰহাৰ দেখিও
আজি তুমি নিমাত....
সদা সুফলা সেউজী ধৰণীৰ
তুমি যি সপোন ৰচিছিলা
সেই সপোনৰ অংশীদাৰীৰ স্বত্বত
এপাহি মৰহি যোৱা পদুমৰ বাহিৰে
তুমি পালাইবা কি....!!!

অইনৰ অজানিতে
মোৰ মনদৰ্পণত আজি প্ৰতিফলিত
তোমাৰ লোতকপুষ্ট চকুৰ কৰুণ দৃশ্য...
মোৰ কানত বাজিছে
তোমাৰ ৰণ হুংকাৰ...!!!

তোলা মাতৃ তোলা...
তোমাৰ কোমল অন্তৰ জগাই তোলা...
হানা মাতৃ হানা...
নিষ্ঠুৰ প্ৰজাতিৰ ওপৰত
এক নিষ্ঠুৰ প্ৰহাৰ হানা...!!!
নহলেযে মাতৃ...
ভৱিষ্যত প্ৰজন্মই উচ্চস্বৰে নাগাব...
সেউজী ধৰণী ধুনীয়া”...

নালাগে আমাক কংক্ৰিটৰ ঘৰ...
তোমাৰ মমতাৰ দানক নোজোখোঁ
আমি ৰূপৰ মুদ্ৰাৰে...
আমাক মাথো লাগে
সেউজী ধৰণী ধুনীয়া
আমি সমস্বৰে গাম মাথো
সেউজী ধৰণী ধুনীয়া
।। Biswajit Nath


কেৰম বৰ্ড

হিৰণ্ময় নাথ

এখন কেৰম বৰ্ড ,এখন বহল পথাৰ....
মাথো কেইটামান গুটি !
লা বগা
প্ৰাণহীন মূৰ্তি কাঠৰ পুতলা...
অচিন কাৰোবাৰ হাতৰ মুঠিত বন্দি অস্তিত্ব.... চৌদিশে হাহাকাৰ,জীবন মৰনৰ যুঁজ এন্ধাৰ পোহৰৰ লীলা....
খেলাৰ মাজতো
জিলিকি উঠে এটা ৰঙা গুটি......
লক্ষ্যস্থান সন্মুখত চিনিব পৰা
চিনিব নোৱাৰা
অশেষ বাট....
যুক্টি তৰ্ক , জ্ঞান বুদ্ধিৰ
বিপন্ন অস্তিত্ব
সকলো ভাগ্যৰ খেলা
এখন কেৰম বৰ্ড মাথো তাত কেইটামান গুটি ।  Hiranmoy Boruah

টুবুকী

মুকুল পাঠক


টুবুকীৰ নাম নাছিল পাঠশালাৰ হজিৰা বহীত সেয়ে অশিক্ষিত
আঙুলি ৰঙা কৰি টিপ চহী দিয়ে
বুকুত ব্লাউজ নৰখে
অকল চাদৰ পিন্ধে |পথাৰৰ নৰা আৰু বাৰীৰ শাক
সোণাৰুৰ শুকান ডাল
ঢাপত গজা ন-খেৰ
গোহালীৰ গৰু
নামঘৰৰ সবাহ
টুবুকীৰ জীৱন প্ৰবাহ |তাইৰ শুকান দেহাত ওলমি থাকে এসোপা ভাগৰুৱা হাড়
৮৩ৰ পুহ মহীয়া ঠাণ্ডাত ঘৰটো জ্বলাই দিয়াৰ দিনা
উমৰ সলনি তাইৰ ঠাণ্ডা লাগিছিল
দুখবোৰ গোট মাৰিছিল
পিছদিনা ৰাতিপুৱা
বাৰীৰ ঢ়াপত পাইছিল কেইখন মান লুঙী |টুবুকীৰ ঘৰ নতুন হয়
ন-খেৰৰ সলনি টিনপাত লাগে
ডাকত চৰকাৰী মোহৰ লগা চিঠি আহে
কানায় ডকোৱালে পঢ়ি দিয়ে
টুবুকীৰ ভাল লাগে
ক্ষতিগ্ৰস্তৰ তালিকাত তাইৰো নাম আছে |হাকিমৰ ফাইলত বন্দি হৈ যায় তাইৰ ভাল লগা
ভোটাৰ তালিকাৰ নামত দুডাল উ কাৰ হাকিমৰ তালিকাত এডাল
৮৩ৰ জুইকুৰা ৯৫ত আকৌ জ্বলে
দহ টকাৰ হাৱাই চেন্দেলত চাৰিটা ফুটা হয়
হাকিমৰ হয় তিনিটা প্ৰমোছন

লাখুটিত ভৰ দি তাই তাঁত-বাতি কৰে
মনু্হটোৰ তিথিত সকাম পাতে
ক্ষতিগ্ৰস্তৰ তালিকাৰ কেলেংকাৰীৰ সাক্ষী দিয়ে
এডাল উ কাৰ বিচাৰি হাহাকাৰ কৰে তাই

এদিন টুবুকী মৰি থাকে
হাকিমক জ্বলাবলৈ বটলত ভৰাই থোৱা কেৰাচিন খিনি
তাইৰ ৮০ বছৰীয়া হাড়বোৰ জ্বলাবলৈ গঞাই চিতাত ঢালি দিয়ে
গাওঁবুঢ়াই হাকিমক কৈ ৰিলিফৰ টকাকেইটা উলিয়াই আনে
ৰাইজে উলাহেৰে শ্ৰাদ্ধৰ ভোজ-ভাত খায় শুনিছো টুবুকীয়ে বোলে এতিয়াও ৰাতি হলে বিনায়.......

( এটি সত্য ঘটনাক কবিতাৰে ধৰি ৰখাৰ চেষ্টা...) মুকুল পাঠক Mukul Pathak