স্বাধীনতা-
মানে কি কাষ্ট্ৰো, বলছেভিক, ইটালীৰ একীকৰণ !
অকণমান উশাহৰ বৈধতা অথবা বহুজাতিক কোম্পানীৰ ভেজাল পানীয়ৰ দৰে
জনতাৰ বিশ্বাসৰ পৰীক্ষাত অৱতীৰ্ণ এটা শব্দৰ অসহায়তা ?
আমি নাজানো, আমি নাজানো,
স্বাধীনতা ছাদ্দামৰ প্ৰিয় শ্লোগান নে পৰেশ বৰুৱাৰ !
বিচ্ছিন্নতাৰ সোঁতত কিমান দূৰ ভটিওৱাৰ অন্তত কাংক্ষিত পাৰ
আৰু স্বাধীনতা কোন ইউট’পিয়াৰ নাম ?
আমি জানো জীৱনৰ সৰলীকৃত সমীকৰণ-
এখন চালি আৰু এখন ৰুটি
আমি জানো এতিয়া সময় দুঃসময়ৰ,
পাঞ্চালীৰ চুলিত দুঃশাসনৰ তেজৰ চেকা
সেই বাবেই লুটিওৱা নাই বহুদিন প্ৰিয় বিষয়ৰ পৃষ্ঠা
মাটি/মানুহ আৰু সেউজীয়া
পঢ়া নাই এবাৰো বাতৰি কাকত |
কিয়নো ৰেড এলাৰ্ট ঘোষিত আমাৰ প্ৰতিতো সপোনৰ ওপৰত
জীৱনৰ স’তে থকা সকলো চুক্তি
প্ৰত্যাহাৰ কৰাৰ আগেয়ে এবাৰ
নিজৰ পৰাই নিৰ্বাসিত কৰি সুধিব পাৰে নিজক
"ভিতৰৰ পৰাই আচলতে কিমান স্বাধীন আমি?" Bipasha Bora
সমীৰণ বৰুৱা আহি পালে
ফেহুঁজালি-
আকাশত প্ৰচ্ছদ অৰ্ধসূৰ্যৰ।
"সমীৰণ বৰুৱা আহি আছে।"
অৰণ্যবাসী স্বপ্নৰ আঙুলিত ধৰি
আমি আগুৱাম
বৃষ্টিৰ বন্যাৰে বিধৌত
এলিচৰ যাদুসনা দেশলৈ।
মৃত্যু আৰু কান্দোনৰ
ভয়াল শব্দত
নৃত্যৰতা পৃথিৱী।
শিলীভূত আকাংক্ষা আৰু
স্তিমিত উত্তেজনাৰ
শীতলতা ভাঙি
অৰ্ধসূৰ্যৰ তেজাল উত্তৰ-
"সমীৰণ বৰুৱা আহি আছে।"
মোৰ আইৰ ৰঙচুৱা চকুলো
চকুতে শুকায়।
প্রত্যয় প্রতিশ্রুতিৰ
কেঁকুৰীত
এদিন লগ হ'ম
আৱেগৰ উমসনা
বুকুৰ সেউজীয়া তেজেৰে
আত্মাৰ লাইখুঁটা গঢ়িম।
"সমীৰণ বৰুৱা আহি পালে"
উদ্বাস্তু বিপ্লৱৰ
অপসৃয়মান আদৰ্শৰ
অস্তগামী অৰ্ধসূৰ্যই ক'লে,
"সমীৰণ বৰুৱা আহি পালে।" Diganta Buragohain
সাৰাংশ
ফেহুঁজালি-
আকাশত প্ৰচ্ছদ অৰ্ধসূৰ্যৰ।
"সমীৰণ বৰুৱা আহি আছে।"
অৰণ্যবাসী স্বপ্নৰ আঙুলিত ধৰি
আমি আগুৱাম
বৃষ্টিৰ বন্যাৰে বিধৌত
এলিচৰ যাদুসনা দেশলৈ।
মৃত্যু আৰু কান্দোনৰ
ভয়াল শব্দত
নৃত্যৰতা পৃথিৱী।
শিলীভূত আকাংক্ষা আৰু
স্তিমিত উত্তেজনাৰ
শীতলতা ভাঙি
অৰ্ধসূৰ্যৰ তেজাল উত্তৰ-
"সমীৰণ বৰুৱা আহি আছে।"
মোৰ আইৰ ৰঙচুৱা চকুলো
চকুতে শুকায়।
প্রত্যয় প্রতিশ্রুতিৰ
কেঁকুৰীত
এদিন লগ হ'ম
আৱেগৰ উমসনা
বুকুৰ সেউজীয়া তেজেৰে
আত্মাৰ লাইখুঁটা গঢ়িম।
"সমীৰণ বৰুৱা আহি পালে"
উদ্বাস্তু বিপ্লৱৰ
অপসৃয়মান আদৰ্শৰ
অস্তগামী অৰ্ধসূৰ্যই ক'লে,
"সমীৰণ বৰুৱা আহি পালে।" Diganta Buragohain
প্ৰথম পষেকৰ কবিতাসমূহ
সাৰাংশ
উচ্চজিৎ কলিতা
সময়ক এদিন কাণে কাণে ক’ম
আমাৰ মৃত্যুৱে ঈথাৰত চিন নাৰাখিব
আমাৰ প্রেমত টোপনিৰ হিম নগলিব
তথাপি আমাৰ খেদ নাথাকিব
আমিও আছিলোঁ প্রেমিক পৃথিৱী-প্রিয়াৰ |স্থবিৰ সূৰ্য যাৰ গতিৰ আশা নাই
তাৰ কোনো দাবী নাই
তাৰ বাবে স্থিতিৰ সন্ধানো নাই |জিকমিক কৰি জ্বলে ক’ৰবাত
এটি-দুটি প্রাণৰ জোনাকী,তাতেই সিহঁতৰ সান্ত্বনা
জীৱনত যুঁজাৰ যাতনা নাই |আমি যে নহ’লোঁ আত্মীয় সেই মূঢ়তাৰ
কপালত লাগি অহা ঘামৰ টোপাল |মৃত্যু সহজ আমাৰ জীৱনৰ দৰে,তথাপি জানো সহজ আমাৰ জীৱন ?সেই জটিলতাৰে অংশ আমি
তাৰ কোনো সাৰাংশ নাই |উত্তৰৰ দুৱাৰত অচিনাকি প্রাণ
আমি আলিদোমোজাৰ কবি,আমি জুৰাছিক
আমি যুযুৎসু
আমি আজন্ম নচিকেতা |আমাৰ কবিতা
আত্মৰত নাৰ্চিচাছৰ
গ্লানিৰে কৰুণ নহয় |ইযে আমাৰ জীৱনৰ কাব্য
দুটি পাৰ এক কৰা
সুৰবালা নদী বয়
পৃথিৱীৰ প্রথম প্রেমৰ |আমাৰ প্রেমৰ বন্দৰ
জোৱাৰৰ গতিৰে মহান |দূৰ এটি বীথোভেন
অতিক্ৰমী জ্ঞানৰ প্রতীচ্য পাৰ
পান কৰি হেমলক
আমাৰ যন্ত্রণাক কৰেহি মধুৰ
আমাৰ সভ্যতাক দিয়েহি খবৰ
ক্ষুদ্র কোনো তৰংগ-প্রান্তৰ |আমাৰ যাত্ৰাৰ সাৰাংশ নাই
সাৰাংশ নাই জোৱাৰৰ |থাকিব নোৱাৰে কঠিন কাব্যৰ;থাকে মাথোঁ স্থবিৰ প্রজ্ঞা
আৰু মৃত মানুহৰ | Ucchajit Kalita
সময়ক এদিন কাণে কাণে ক’ম
আমাৰ মৃত্যুৱে ঈথাৰত চিন নাৰাখিব
আমাৰ প্রেমত টোপনিৰ হিম নগলিব
তথাপি আমাৰ খেদ নাথাকিব
আমিও আছিলোঁ প্রেমিক পৃথিৱী-প্রিয়াৰ |স্থবিৰ সূৰ্য যাৰ গতিৰ আশা নাই
তাৰ কোনো দাবী নাই
তাৰ বাবে স্থিতিৰ সন্ধানো নাই |জিকমিক কৰি জ্বলে ক’ৰবাত
এটি-দুটি প্রাণৰ জোনাকী,তাতেই সিহঁতৰ সান্ত্বনা
জীৱনত যুঁজাৰ যাতনা নাই |আমি যে নহ’লোঁ আত্মীয় সেই মূঢ়তাৰ
কপালত লাগি অহা ঘামৰ টোপাল |মৃত্যু সহজ আমাৰ জীৱনৰ দৰে,তথাপি জানো সহজ আমাৰ জীৱন ?সেই জটিলতাৰে অংশ আমি
তাৰ কোনো সাৰাংশ নাই |উত্তৰৰ দুৱাৰত অচিনাকি প্রাণ
আমি আলিদোমোজাৰ কবি,আমি জুৰাছিক
আমি যুযুৎসু
আমি আজন্ম নচিকেতা |আমাৰ কবিতা
আত্মৰত নাৰ্চিচাছৰ
গ্লানিৰে কৰুণ নহয় |ইযে আমাৰ জীৱনৰ কাব্য
দুটি পাৰ এক কৰা
সুৰবালা নদী বয়
পৃথিৱীৰ প্রথম প্রেমৰ |আমাৰ প্রেমৰ বন্দৰ
জোৱাৰৰ গতিৰে মহান |দূৰ এটি বীথোভেন
অতিক্ৰমী জ্ঞানৰ প্রতীচ্য পাৰ
পান কৰি হেমলক
আমাৰ যন্ত্রণাক কৰেহি মধুৰ
আমাৰ সভ্যতাক দিয়েহি খবৰ
ক্ষুদ্র কোনো তৰংগ-প্রান্তৰ |আমাৰ যাত্ৰাৰ সাৰাংশ নাই
সাৰাংশ নাই জোৱাৰৰ |থাকিব নোৱাৰে কঠিন কাব্যৰ;থাকে মাথোঁ স্থবিৰ প্রজ্ঞা
আৰু মৃত মানুহৰ | Ucchajit Kalita
মহাকালঃসন্ধিঃমহাকাল
শ্ৰীদিগন্ত বুঢ়াগোহাঁই
শতিকাৰ কৰ্কশ শিলাৰ গৰ্ভত
স্বপ্নাভিষেক আমাৰ।
নিৰ্ঝৰিণী বাসনাৰ ব্যাকুল গান-
সত্যৰ সাধনাৰে
মৃত্যুপিয়াসী চেতনাৰ
উন্মীলিত দুচকুত
কলাজ সন্ধিকালৰ।
ফুটছাই বৰণীয়া আকাশৰ
উকা সীমনাত
কালিঘুঁকিৰ কালিন্দী এন্ধাৰ-
স্মৃতিৰ অপভ্রংশ আৰু
ভমকাফুলীয়া জীৱনৰ স্তব্ধ জোনাক।
সন্ধিয়াৰ ৰমন্যাসিক টুমনিত
তোমাৰ ক্রানতিকালৰ দেহা তিয়াই
বৈ যাওক ৰঙচুৱ এখন নৈ-
আমাৰ মৃত্যুৰ স্বপ্নিল প্রেৰণাৰে। Diganta Buragohain
শতিকাৰ কৰ্কশ শিলাৰ গৰ্ভত
স্বপ্নাভিষেক আমাৰ।
নিৰ্ঝৰিণী বাসনাৰ ব্যাকুল গান-
সত্যৰ সাধনাৰে
মৃত্যুপিয়াসী চেতনাৰ
উন্মীলিত দুচকুত
কলাজ সন্ধিকালৰ।
ফুটছাই বৰণীয়া আকাশৰ
উকা সীমনাত
কালিঘুঁকিৰ কালিন্দী এন্ধাৰ-
স্মৃতিৰ অপভ্রংশ আৰু
ভমকাফুলীয়া জীৱনৰ স্তব্ধ জোনাক।
সন্ধিয়াৰ ৰমন্যাসিক টুমনিত
তোমাৰ ক্রানতিকালৰ দেহা তিয়াই
বৈ যাওক ৰঙচুৱ এখন নৈ-
আমাৰ মৃত্যুৰ স্বপ্নিল প্রেৰণাৰে। Diganta Buragohain
শব্দ এবুকু, তাত তুমি
প্ৰিয়দৰ্শণ ভট্টাচাৰ্য্য
এয়া আবেগৰ কবিতা
বিবেক বহু দূৰণীত
তোমাক এৰি অহা পথৰ শুকান কৃষ্ণচূড়াৰ উচুপনি
কিয়েইবা লিখিম অশ্ৰু গণি গণি
তুমিতো নাজানা কিয় হাহাকাৰ কৰি ফুৰো
হেৰাই যোৱা হিয়াখন বিচাৰি
সেই যে বসন্ত বসন্ত লগা দিনবোৰ, আবেলিবোৰ জোনাকী শাৰদী
কিয় এপাহ হাঁহিৰ বাবে ব্যাকুল হৈছিলো মই
অথবা মোৰ বাবে তুমি..!
পাৰিছিলানে নৈ হৈ বৈ যাবলৈ
বতাহ হৈ জুৰ পেলাবলৈ
মিঠা গুণ-গুণনিবোৰ বাধা দিব পাৰিছিলানে
নাভাবো বুলিও এবাৰ ভাবিছিলানে
মই ভবাৰ দৰে?মই তোমাৰ পদূলিমূখ এৰাৰ দিনা
তিতিছিলনে দুগাল তোমাৰ
ওঁঠত লুণিয়া স্বাদ; হৃদয় শুন্য কৰি বৈ অহা শব্দবোৰ বুকুত হেঁচা মাৰি তুমি দূৰ হৈ ৰ’লা
তুমি নকলেওতো মই ঠিকেই বুজিছিলো
কি ক’ব খুজিছিলা
সদায় কোৱাৰ দৰেইতো ক’লাহেঁতেন
"ফাগুণৰ গীতটো আকৌ এবাৰ গোৱা"
(যিজনৰ ভগ্ন হিয়াৰ অযুত চকুপানী মোৰ হৃদয়ৰ কলহত গোটাই থৈছোঁ, তেওঁৰ নামতেই, মৰমৰ বন্ধু, ভাইটি, জনপ্ৰিয় যুৱ কবি হৃষীৰাজ শৰ্মাৰ নামত কবিতাটো উত্সৰ্গা কৰিলো) Priyadarshan Bhattacharya
প্ৰিয়দৰ্শণ ভট্টাচাৰ্য্য
এয়া আবেগৰ কবিতা
বিবেক বহু দূৰণীত
তোমাক এৰি অহা পথৰ শুকান কৃষ্ণচূড়াৰ উচুপনি
কিয়েইবা লিখিম অশ্ৰু গণি গণি
তুমিতো নাজানা কিয় হাহাকাৰ কৰি ফুৰো
হেৰাই যোৱা হিয়াখন বিচাৰি
সেই যে বসন্ত বসন্ত লগা দিনবোৰ, আবেলিবোৰ জোনাকী শাৰদী
কিয় এপাহ হাঁহিৰ বাবে ব্যাকুল হৈছিলো মই
অথবা মোৰ বাবে তুমি..!
পাৰিছিলানে নৈ হৈ বৈ যাবলৈ
বতাহ হৈ জুৰ পেলাবলৈ
মিঠা গুণ-গুণনিবোৰ বাধা দিব পাৰিছিলানে
নাভাবো বুলিও এবাৰ ভাবিছিলানে
মই ভবাৰ দৰে?মই তোমাৰ পদূলিমূখ এৰাৰ দিনা
তিতিছিলনে দুগাল তোমাৰ
ওঁঠত লুণিয়া স্বাদ; হৃদয় শুন্য কৰি বৈ অহা শব্দবোৰ বুকুত হেঁচা মাৰি তুমি দূৰ হৈ ৰ’লা
তুমি নকলেওতো মই ঠিকেই বুজিছিলো
কি ক’ব খুজিছিলা
সদায় কোৱাৰ দৰেইতো ক’লাহেঁতেন
"ফাগুণৰ গীতটো আকৌ এবাৰ গোৱা"
(যিজনৰ ভগ্ন হিয়াৰ অযুত চকুপানী মোৰ হৃদয়ৰ কলহত গোটাই থৈছোঁ, তেওঁৰ নামতেই, মৰমৰ বন্ধু, ভাইটি, জনপ্ৰিয় যুৱ কবি হৃষীৰাজ শৰ্মাৰ নামত কবিতাটো উত্সৰ্গা কৰিলো) Priyadarshan Bhattacharya
ফুটপাথৰ বিহু
ৰাজশ্ৰী বৰগোহাঁই
বুকুৰ হেঁপাহবোৰ অতীষ্ঠ হয়
পেটৰ পৰা ভাঁহি অহা ঢোলৰ শব্দবোৰত..
ধিন দাও খিট দাও
দীঘেনতি দীঘেনাও।
বিহু আহিলে হাঁহিৰ ঝংকাৰ উঠে !
নতুন কেঁথাৰ খমখমীয়া গোন্ধত।
পাঁচবছৰৰ মূৰৰ বিহুটিত
গৰুবোৰৰ হেতা ওপৰা লাগে.........
ফুটছাইৰ ফোঁট বিচাৰি।
ঢোলৰ মাতবোৰ সলনি হয় !
"জিন্দাবাদ....জিন্দাবাদ.... "
বিহুটি অহাবাটেই গুচি যায় !
আকৌ ফটাচোলাত ওলমি ৰয় হাজাৰটা হুমুনিয়াহ ...
ভোকৰ সৈতে ফুটবল মেটচ...
ডাস্টবিনত সোমায় লাস্ট মিনিটৰ "গ'ল Rajashree Borgohain
বুকুৰ হেঁপাহবোৰ অতীষ্ঠ হয়
পেটৰ পৰা ভাঁহি অহা ঢোলৰ শব্দবোৰত..
ধিন দাও খিট দাও
দীঘেনতি দীঘেনাও।
বিহু আহিলে হাঁহিৰ ঝংকাৰ উঠে !
নতুন কেঁথাৰ খমখমীয়া গোন্ধত।
পাঁচবছৰৰ মূৰৰ বিহুটিত
গৰুবোৰৰ হেতা ওপৰা লাগে.........
ফুটছাইৰ ফোঁট বিচাৰি।
ঢোলৰ মাতবোৰ সলনি হয় !
"জিন্দাবাদ....জিন্দাবাদ.... "
বিহুটি অহাবাটেই গুচি যায় !
আকৌ ফটাচোলাত ওলমি ৰয় হাজাৰটা হুমুনিয়াহ ...
ভোকৰ সৈতে ফুটবল মেটচ...
ডাস্টবিনত সোমায় লাস্ট মিনিটৰ "গ'ল Rajashree Borgohain
মই উভতি আহিম
অভিজিৎ পাটোৱাৰী
মই উভতি আহিম প্রেৰনাৰ উৎস হৈ......
নিষ্পেষিতৰ শক্তি হৈ.....
শোষণকাৰীৰ শংকাৰ পাত্রহৈ.....
এতিয়া বিদায় এক নজনা দিগন্তলৈ......
এই বিদায় মৰ্মাহত কিন্তু খুবেই প্রয়োজনীয়...
........এক নতুন সংকল্পক জন্ম দিবলৈ !!!
মই কাপুৰুষ নহয়.....
মই জন্ম দিবলৈ উৎসুক.....
এক অনাবিল আনন্দৰে মুখৰিত ভৱিস্যতক..!!
সকলো ঘাত-প্রতিঘাতৰ সম্মুখীন হবলৈ মই সাজু হম...
মই বিলীন হম সৰ্বসাধাৰনৰ মাজত...
.......কিন্তু সাধাৰন নহয় মোৰ আকাংক্ষা
........নহয় সাধাৰন মোৰ পৰিকল্পনা
মই জানো....
মই সংগীহীন নহয়....
কিয়নো নিঃসংগতাই যাৰ জীৱনৰ ছাঁ....
তাৰ সংগীৰ অভাৱ নহয় কোনোকালেই....
অপেক্ষা মাথো এক উচিত সময়ৰ....
.....পৰিকল্পনাক শক্তিশালী কৰিবলৈ এতিয়া বিদায় এক নজনা দিগন্তলৈ....
.......নিজক গঢ় দিবলৈ !! Abhijit Patowary
মই উভতি আহিম প্রেৰনাৰ উৎস হৈ......
নিষ্পেষিতৰ শক্তি হৈ.....
শোষণকাৰীৰ শংকাৰ পাত্রহৈ.....
এতিয়া বিদায় এক নজনা দিগন্তলৈ......
এই বিদায় মৰ্মাহত কিন্তু খুবেই প্রয়োজনীয়...
........এক নতুন সংকল্পক জন্ম দিবলৈ !!!
মই কাপুৰুষ নহয়.....
মই জন্ম দিবলৈ উৎসুক.....
এক অনাবিল আনন্দৰে মুখৰিত ভৱিস্যতক..!!
সকলো ঘাত-প্রতিঘাতৰ সম্মুখীন হবলৈ মই সাজু হম...
মই বিলীন হম সৰ্বসাধাৰনৰ মাজত...
.......কিন্তু সাধাৰন নহয় মোৰ আকাংক্ষা
........নহয় সাধাৰন মোৰ পৰিকল্পনা
মই জানো....
মই সংগীহীন নহয়....
কিয়নো নিঃসংগতাই যাৰ জীৱনৰ ছাঁ....
তাৰ সংগীৰ অভাৱ নহয় কোনোকালেই....
অপেক্ষা মাথো এক উচিত সময়ৰ....
.....পৰিকল্পনাক শক্তিশালী কৰিবলৈ এতিয়া বিদায় এক নজনা দিগন্তলৈ....
.......নিজক গঢ় দিবলৈ !! Abhijit Patowary
এয়াওতো জীৱন
ৰিদিপ কুমাৰ নাথ
হয়তো নহ’ব পাৰো ঘড়ীৰ কাঁটাৰ নিৰ্দেশত চলা
একো একোজন ভদ্ৰলোক |
হ’লোৱেই জানিবা দিন ৰাতিৰ চিন-চাব নোহোৱা
উভয়্চৰ পৰজীৱী ;
নাইবা মদৰ পিয়লাত সপোন দেখা
একো একোজন ব্যৰ্থ উজাগৰী প্ৰেমিক |
হ’লেওতো মানুহে আমাক মানুহ বুলিয়েই কয় !
এটা জঁকা, অলপ মাংস আৰু সেই জোখেৰে
কেইলিটাৰমান তেজ !
তাতোকৈ ডাঙৰ এ্খন হৃদয়্ৱান হৃদয় |
মানুহ হোৱাৰ বাবে এয়া জানো
নূন্যতম অৰ্হতা নহয় ?
নে ’ডেড’ৰ টকাৰে ’মালদাৰ’ হৈ
জন আব্ৰাহামৰ ’হেয়াৰ স্টাইল’ বনাই
বাইকৰ পিছত ’দাৰ্লিঙ’ক বহাই
এক’লেন্ড, কামাকাজি ঘূৰিব পৰাবোৰহে মানুহ ?
সম্ভ্ৰান্ত ঘৰৰ ’স্মাৰ্ট’ ছোৱালীয়ে
হয়তো তেনেকৈয়ে ভাবে !
আৰু নহয় তাৰ ব্যতিক্ৰম তুমিও |
পা্শ্চাত্য সভ্যতাৰে চহকী
তুমিওতো এজনি ’স্মাৰ্ট’ ছোৱালী !
নাজানিলাই জানিবা অসমীয়াত এখন চিঠি লিখিব
নাইবা এপাক বিহু নাচিব ;
হ’লেও ’হাই-হেল্ল” ক’ব জনা
তুমিতো এজনী ’স্মাৰ্ট আছামিজ গাৰ্ল’ |
তোমাৰ দৰে ’স্মাৰ্ট গাৰ্ল’ক পাৰ্ক, ৰেস্টুৰেন্টত
ঘূৰাব নোৱাৰিলেও কিন্তু আমি
দুখীৰ দুখত দুখী হ’ব জানো |
সমভাগী হ’ব জানো আনৰ বেদনাৰ |
সেয়েহে আমিও মানুহ আৰু
আ্ড্ডা, চিগেৰেট, তাচপাত নাইবা
স্টেচনৰ ’জেঙ’ৰ মাজত হেৰাই যোৱা
এয়াও এটা জীৱন | Ridip Kumar Nath
হয়তো নহ’ব পাৰো ঘড়ীৰ কাঁটাৰ নিৰ্দেশত চলা
একো একোজন ভদ্ৰলোক |
হ’লোৱেই জানিবা দিন ৰাতিৰ চিন-চাব নোহোৱা
উভয়্চৰ পৰজীৱী ;
নাইবা মদৰ পিয়লাত সপোন দেখা
একো একোজন ব্যৰ্থ উজাগৰী প্ৰেমিক |
হ’লেওতো মানুহে আমাক মানুহ বুলিয়েই কয় !
এটা জঁকা, অলপ মাংস আৰু সেই জোখেৰে
কেইলিটাৰমান তেজ !
তাতোকৈ ডাঙৰ এ্খন হৃদয়্ৱান হৃদয় |
মানুহ হোৱাৰ বাবে এয়া জানো
নূন্যতম অৰ্হতা নহয় ?
নে ’ডেড’ৰ টকাৰে ’মালদাৰ’ হৈ
জন আব্ৰাহামৰ ’হেয়াৰ স্টাইল’ বনাই
বাইকৰ পিছত ’দাৰ্লিঙ’ক বহাই
এক’লেন্ড, কামাকাজি ঘূৰিব পৰাবোৰহে মানুহ ?
সম্ভ্ৰান্ত ঘৰৰ ’স্মাৰ্ট’ ছোৱালীয়ে
হয়তো তেনেকৈয়ে ভাবে !
আৰু নহয় তাৰ ব্যতিক্ৰম তুমিও |
পা্শ্চাত্য সভ্যতাৰে চহকী
তুমিওতো এজনি ’স্মাৰ্ট’ ছোৱালী !
নাজানিলাই জানিবা অসমীয়াত এখন চিঠি লিখিব
নাইবা এপাক বিহু নাচিব ;
হ’লেও ’হাই-হেল্ল” ক’ব জনা
তুমিতো এজনী ’স্মাৰ্ট আছামিজ গাৰ্ল’ |
তোমাৰ দৰে ’স্মাৰ্ট গাৰ্ল’ক পাৰ্ক, ৰেস্টুৰেন্টত
ঘূৰাব নোৱাৰিলেও কিন্তু আমি
দুখীৰ দুখত দুখী হ’ব জানো |
সমভাগী হ’ব জানো আনৰ বেদনাৰ |
সেয়েহে আমিও মানুহ আৰু
আ্ড্ডা, চিগেৰেট, তাচপাত নাইবা
স্টেচনৰ ’জেঙ’ৰ মাজত হেৰাই যোৱা
এয়াও এটা জীৱন | Ridip Kumar Nath
সেউজী ধৰণী ধুনীয়া
বিশ্বজিত নাথ (জিত্)
চোৱাচোন...
দূৰণিত সেইচপৰা কলীয়া ডাৱৰ...
অট্টহাস্যৰ ব্যংগৰূপ আজি আৰু নাই..
মানব প্ৰজাতিৰ নিষ্ঠুৰতাই আজি
নিষ্ঠুৰ ভাবেই দংশিলে সিহঁতৰ
সদা ক্ৰুদ্ধ বিবেকক...
মহাবৃষ্টিৰ বন্যা পেলাই
সিহঁত আজি ক্ৰন্দনৰত...
কুঁহিপাঠত প্ৰকাশিত
টকলা পাহাৰ বকৰা মাটি
আজি সত্যতাৰ দিশে ধাৱমান ।।
হায় জননী... এয়াই তোমাৰ সৃষ্টিনে...??
এটা সৃষ্টিৰ পন্য সমাজত
আন এটাৰ সত্তা হৰণ...
আদিম বন্যতাৰ প্ৰকোপ,
পশুত্বৰ পৰা সদ্যমুক্তিপ্ৰাপ্ত
মানৱ প্ৰজাতিৰ মাজত আজিও বিদ্যমান...
এয়াই আছিল নে জননী... তোমাৰ সপোন...??
হায় প্ৰকৃতি... এয়াই তোমাৰ দাননে...??
যাৰ শৰণত তোমাৰ সকলো,
সেই বুদ্ধিমত্তা প্ৰজাতিৰ মাতালতাত
তোমাৰ বুকুতেই আজি খাণ্ডৱ দাহন....
তোমাৰ মমতাৰ ভঁৰালত
বনদস্যুৰ নিষ্ঠুৰ প্ৰহাৰ দেখিও
আজি তুমি নিমাত....
সদা সুফলা সেউজী ধৰণীৰ
তুমি যি সপোন ৰচিছিলা
সেই সপোনৰ অংশীদাৰীৰ স্বত্বত
এপাহি মৰহি যোৱা পদুমৰ বাহিৰে
তুমি পালাইবা কি....!!!
অইনৰ অজানিতে
মোৰ মনদৰ্পণত আজি প্ৰতিফলিত
তোমাৰ লোতকপুষ্ট চকুৰ কৰুণ দৃশ্য...
মোৰ কানত বাজিছে
তোমাৰ ৰণ হুংকাৰ...!!!
তোলা মাতৃ তোলা...
তোমাৰ কোমল অন্তৰ জগাই তোলা...
হানা মাতৃ হানা...
নিষ্ঠুৰ প্ৰজাতিৰ ওপৰত
এক নিষ্ঠুৰ প্ৰহাৰ হানা...!!!
নহলেযে মাতৃ...
ভৱিষ্যত প্ৰজন্মই উচ্চস্বৰে নাগাব...
“সেউজী ধৰণী ধুনীয়া”...
নালাগে আমাক কংক্ৰিটৰ ঘৰ...
তোমাৰ মমতাৰ দানক নোজোখোঁ
আমি ৰূপৰ মুদ্ৰাৰে...
আমাক মাথো লাগে
“সেউজী ধৰণী ধুনীয়া”
আমি সমস্বৰে গাম মাথো
“সেউজী ধৰণী ধুনীয়া” ।। Biswajit Nath
চোৱাচোন...
দূৰণিত সেইচপৰা কলীয়া ডাৱৰ...
অট্টহাস্যৰ ব্যংগৰূপ আজি আৰু নাই..
মানব প্ৰজাতিৰ নিষ্ঠুৰতাই আজি
নিষ্ঠুৰ ভাবেই দংশিলে সিহঁতৰ
সদা ক্ৰুদ্ধ বিবেকক...
মহাবৃষ্টিৰ বন্যা পেলাই
সিহঁত আজি ক্ৰন্দনৰত...
কুঁহিপাঠত প্ৰকাশিত
টকলা পাহাৰ বকৰা মাটি
আজি সত্যতাৰ দিশে ধাৱমান ।।
হায় জননী... এয়াই তোমাৰ সৃষ্টিনে...??
এটা সৃষ্টিৰ পন্য সমাজত
আন এটাৰ সত্তা হৰণ...
আদিম বন্যতাৰ প্ৰকোপ,
পশুত্বৰ পৰা সদ্যমুক্তিপ্ৰাপ্ত
মানৱ প্ৰজাতিৰ মাজত আজিও বিদ্যমান...
এয়াই আছিল নে জননী... তোমাৰ সপোন...??
হায় প্ৰকৃতি... এয়াই তোমাৰ দাননে...??
যাৰ শৰণত তোমাৰ সকলো,
সেই বুদ্ধিমত্তা প্ৰজাতিৰ মাতালতাত
তোমাৰ বুকুতেই আজি খাণ্ডৱ দাহন....
তোমাৰ মমতাৰ ভঁৰালত
বনদস্যুৰ নিষ্ঠুৰ প্ৰহাৰ দেখিও
আজি তুমি নিমাত....
সদা সুফলা সেউজী ধৰণীৰ
তুমি যি সপোন ৰচিছিলা
সেই সপোনৰ অংশীদাৰীৰ স্বত্বত
এপাহি মৰহি যোৱা পদুমৰ বাহিৰে
তুমি পালাইবা কি....!!!
অইনৰ অজানিতে
মোৰ মনদৰ্পণত আজি প্ৰতিফলিত
তোমাৰ লোতকপুষ্ট চকুৰ কৰুণ দৃশ্য...
মোৰ কানত বাজিছে
তোমাৰ ৰণ হুংকাৰ...!!!
তোলা মাতৃ তোলা...
তোমাৰ কোমল অন্তৰ জগাই তোলা...
হানা মাতৃ হানা...
নিষ্ঠুৰ প্ৰজাতিৰ ওপৰত
এক নিষ্ঠুৰ প্ৰহাৰ হানা...!!!
নহলেযে মাতৃ...
ভৱিষ্যত প্ৰজন্মই উচ্চস্বৰে নাগাব...
“সেউজী ধৰণী ধুনীয়া”...
নালাগে আমাক কংক্ৰিটৰ ঘৰ...
তোমাৰ মমতাৰ দানক নোজোখোঁ
আমি ৰূপৰ মুদ্ৰাৰে...
আমাক মাথো লাগে
“সেউজী ধৰণী ধুনীয়া”
আমি সমস্বৰে গাম মাথো
“সেউজী ধৰণী ধুনীয়া” ।। Biswajit Nath
কেৰম ব’ৰ্ড
হিৰণ্ময় নাথ
এখন কেৰম ব’ৰ্ড ,এখন বহল পথাৰ....
মাথো কেইটামান গুটি !
ক’লা বগা
প্ৰাণহীন মূৰ্তি কাঠৰ পুতলা...
অচিন কাৰোবাৰ হাতৰ মুঠিত বন্দি অস্তিত্ব.... চৌদিশে হাহাকাৰ,জীবন মৰনৰ যুঁজ এন্ধাৰ পোহৰৰ লীলা....
খেলাৰ মাজতো
জিলিকি উঠে এটা ৰঙা গুটি......
লক্ষ্যস্থান সন্মুখত চিনিব পৰা
চিনিব নোৱাৰা
অশেষ বাট....
যুক্টি তৰ্ক , জ্ঞান বুদ্ধিৰ
বিপন্ন অস্তিত্ব
সকলো ভাগ্যৰ খেলা
এখন কেৰম ব’ৰ্ড মাথো তাত কেইটামান গুটি । Hiranmoy Boruah
টুবুকী
এখন কেৰম ব’ৰ্ড ,এখন বহল পথাৰ....
মাথো কেইটামান গুটি !
ক’লা বগা
প্ৰাণহীন মূৰ্তি কাঠৰ পুতলা...
অচিন কাৰোবাৰ হাতৰ মুঠিত বন্দি অস্তিত্ব.... চৌদিশে হাহাকাৰ,জীবন মৰনৰ যুঁজ এন্ধাৰ পোহৰৰ লীলা....
খেলাৰ মাজতো
জিলিকি উঠে এটা ৰঙা গুটি......
লক্ষ্যস্থান সন্মুখত চিনিব পৰা
চিনিব নোৱাৰা
অশেষ বাট....
যুক্টি তৰ্ক , জ্ঞান বুদ্ধিৰ
বিপন্ন অস্তিত্ব
সকলো ভাগ্যৰ খেলা
এখন কেৰম ব’ৰ্ড মাথো তাত কেইটামান গুটি । Hiranmoy Boruah
টুবুকী
মুকুল পাঠক
টুবুকীৰ নাম নাছিল পাঠশালাৰ হজিৰা বহীত সেয়ে অশিক্ষিত
আঙুলি ৰঙা কৰি টিপ চহী দিয়ে
বুকুত ব্লাউজ নৰখে
অকল চাদৰ পিন্ধে |পথাৰৰ নৰা আৰু বাৰীৰ শাক
সোণাৰুৰ শুকান ডাল
ঢাপত গজা ন-খেৰ
গোহালীৰ গৰু
নামঘৰৰ সবাহ
টুবুকীৰ জীৱন প্ৰবাহ |তাইৰ শুকান দেহাত ওলমি থাকে এসোপা ভাগৰুৱা হাড়
৮৩ৰ পুহ মহীয়া ঠাণ্ডাত ঘৰটো জ্বলাই দিয়াৰ দিনা
উমৰ সলনি তাইৰ ঠাণ্ডা লাগিছিল
দুখবোৰ গোট মাৰিছিল
পিছদিনা ৰাতিপুৱা
বাৰীৰ ঢ়াপত পাইছিল কেইখন মান লুঙী |টুবুকীৰ ঘৰ নতুন হয়
ন-খেৰৰ সলনি টিনপাত লাগে
ডাকত চৰকাৰী মোহৰ লগা চিঠি আহে
কানায় ডকোৱালে পঢ়ি দিয়ে
টুবুকীৰ ভাল লাগে
ক্ষতিগ্ৰস্তৰ তালিকাত তাইৰো নাম আছে |হাকিমৰ ফাইলত বন্দি হৈ যায় তাইৰ ভাল লগা
ভোটাৰ তালিকাৰ নামত দুডাল উ কাৰ হাকিমৰ তালিকাত এডাল
৮৩ৰ জুইকুৰা ৯৫ত আকৌ জ্বলে
দহ টকাৰ হাৱাই চেন্দেলত চাৰিটা ফুটা হয়
হাকিমৰ হয় তিনিটা প্ৰমোছন
লাখুটিত ভৰ দি তাই তাঁত-বাতি কৰে
মনু্হটোৰ তিথিত সকাম পাতে
ক্ষতিগ্ৰস্তৰ তালিকাৰ কেলেংকাৰীৰ সাক্ষী দিয়ে
এডাল উ কাৰ বিচাৰি হাহাকাৰ কৰে তাই
এদিন টুবুকী মৰি থাকে
হাকিমক জ্বলাবলৈ বটলত ভৰাই থোৱা কেৰাচিন খিনি
তাইৰ ৮০ বছৰীয়া হাড়বোৰ জ্বলাবলৈ গঞাই চিতাত ঢালি দিয়ে
গাওঁবুঢ়াই হাকিমক কৈ ৰিলিফৰ টকাকেইটা উলিয়াই আনে
ৰাইজে উলাহেৰে শ্ৰাদ্ধৰ ভোজ-ভাত খায় শুনিছো টুবুকীয়ে বোলে এতিয়াও ৰাতি হ’লে বিনায়.......
( এটি সত্য ঘটনাক কবিতাৰে ধৰি ৰখাৰ চেষ্টা...) মুকুল পাঠক Mukul Pathak
ভাল লাগিল কবিতা কেইটি
উত্তরমুছুনসুন্দৰ । বিশেষকৈ স্বাধীনতা আৰু আমি ।
উত্তরমুছুনNice
উত্তরমুছুনআমাৰ অসমীয়া কবিতা ব্লগছাইটৰ উদ্যোগত হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতাখনিৰ আংশিক ফলাফল
উত্তরমুছুনসমূহ হল
কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ফলাফল